• Share On

Forthcoming Event

Title : নামঘৰ সমাৰোহ
Details :

নামঘৰ সমাৰোহ

02-04 DECEMBER 2022

আগন্তুক ইংৰাজী ২-৩-৪ ডিচেম্বৰ ২০২২ চনত শ্ৰীশ্ৰী আউনিআটী সত্ৰৰ উত্তৰ গুৱাহাটীস্থ শাখা সত্ৰৰ প্ৰাঙ্গনত থকা ব্ৰহ্মপুত্ৰৰ বালিচৰত সদৌ অসম ভিত্তিত ‘নামঘৰ সমাৰোহ’ অনুষ্ঠিত কৰিবলৈ আয়োজন কৰা হৈছে। ২ ডিচেম্বৰ ২০২২ তাৰিখে একেলগে ২০০০ যোৰ তালেৰে নামলৈ এই সমাৰোহৰ শুভাৰম্ভণি কৰা হ’ব। একে সময়তে অসমৰ আন আন ঠাইত থকা ২০০০ টা অন্য নামঘৰটো নাম লোৱাৰ ব্যৱস্থা কৰা হ’ব। ৩ ডিচেম্বৰ ২০২২ তাৰিখে সমূহীয়াকৈ আই নাম লোৱা হ’ব, য’ত একেলগে ২০০০ যোৰ নাগাৰা বজাই নামৰ আৰম্ভণি হ’ব। শেষৰ দিনা শিশু সকলৰ আধ্যাত্মিক নামৰ আয়োজন কৰা হৈছে য’ত একেলগে ২০০০ খোল বাদন হ’ব। সমাৰোহৰ প্ৰতি দিনাই সন্ধিয়ালৈ সাংস্কৃতিক অনুষ্ঠান থাকিব। তিনি দিনীয়া এই সমাৰোহৰ অন্যান্য কাৰ্যসূচীত আছে অসমৰ ২৫ বিধ বিভিন্ন নামৰ পৰিবেশন, শ্ৰীশ্ৰী আউনিআটী সত্ৰৰ ৰাস, মণীপুৰি ৰাইজৰ ৰাস, ভাওনা, সত্ৰীয়া নৃত্যগীত, প্ৰদৰ্শনী আৰু ‘নামঘৰৰ ইতিহাস’ গ্ৰন্থ প্ৰকাশ।

এই ব্যতিক্ৰমি প্ৰচেষ্টাত আয়োজকে সকলো ধৰ্মপ্ৰাণ ৰাইজৰ সহায়, সহযোগ আৰু উপস্থিতি কামনা কৰিছে। লগতে অসমৰ বিভিন্ন ঠাইত থকা নামঘৰৰ সমূহৰ ইতিহাস সম্পৰ্কে তথ্য থাকিলে সত্ৰৰ E-mail:  satra@auniati.org   অথবা satradhikarauniati@gmail.com ত পঠিয়াবলৈ অনুৰোধ কৰা হ’ল।


View Files